নিজে জ্বলোৱা জুইত দগ্ধ হৈ শেষ হ’ব নেকি বাংলাদেশ ?
ৰাজনৈতিক তথা ধৰ্মীয় সংঘাতৰ পৰিণতিত T20 বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম ঘটিছে বাংলাদেশৰ। বিশ্বকাপেই হৈছে যিকোনো দলীয় খেলৰ সৰ্বোচ্চ স্তৰ। তেনেক্ষেত্ৰত বিশ্বকাপত অংশগ্ৰহণ কৰিব নোৱাৰাটো দেশখনৰ ক্ৰিকেট অনুৰাগী তথা জাতীয় দলটোৰ ক্ৰিকেটাৰসকলৰ বাবে দুৰ্ভাগ্যজনক কথা। 
IPLৰ পৰা মুস্তাফিজুৰ ৰহমানক বহিষ্কাৰৰ পিছৰে পৰা বাংলাদেশে ভাৰতত অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপত অংশগ্ৰহণৰ ক্ষেত্ৰত আহি পৰিছিল জটিলতা। IPLৰ নিলামত কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী পেচাৰ মুস্তাফিজুৰ ৰহমানক ক্ৰয় কৰিছিল। কিন্তু বাংলাদেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় অনুভূতিত আঘাত সনা কিছু ঘটনাৰ পিছতে ভাৰত চৰকাৰে IPLৰ পৰা বাংলাদেশৰ ক্ৰিকেটাৰক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল IPL গোৱৰ্নিং কমিটীক। 


মুস্তাফিজুৰক IPLৰ পৰা একপ্ৰকাৰ বহিষ্কাৰ কৰাৰ পিছতে জাঙুৰ খাই উঠে বাংলাদেশ ক্ৰিকেট বোৰ্ড। ইয়াৰ পিছতেই BCB-এ ঘোষণা কৰে যে আগন্তুক T20 বিশ্বকাপ ভাৰতত নেখেলে বাংলাদেশে। জীৱিকাৰ সন্ধানত অজস্ৰ যুৱক-যুৱতীয়ে বৈধ আৰু অবৈধভাৱে ভাৰতলৈ প্ৰব্ৰজন কৰা দেশখনৰ ক্ৰিকেট দলটোৱে নিৰাপত্তাজনিত কাৰণতহে ভাৰতত খেলাৰ বাবে অনিচ্ছা প্ৰকাশ কৰিছে। T20 বিশ্বকাপৰ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি বাংলাদেশৰ গ্ৰুপ পৰ্যায়ৰ ৪খন মেচৰ ৩খন কলকাতাৰ ইডেন গাৰ্ডেনত আৰু এখন মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল। BCB-এ ICCক বাংলাদেশৰ মেচসমূহ ভাৰতৰ পৰিৱৰ্তে শ্ৰীলংকালৈ স্থানন্তৰ কৰাৰ আহ্বান জনাইছিল যদিও সময়সূচী ইতিমধ্যে চূড়ান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত BCBৰ এই আহ্বানক নাকচ কৰে ICC-এ। এই সন্দৰ্ভত আয়াৰলেণ্ড ক্ৰিকেট বোৰ্ডৰ সৈতেও যোগাযোগ কৰিছিল BCB-এ। কিন্তু আয়াৰলেণ্ডৰ পৰাও সুদোত্তৰ নাপালে BCB-এ। উল্লেখ্য যে আয়াৰলেণ্ডৰ গ্ৰুপ পৰ্যায়ৰ মেচসমূহ অনুষ্ঠিত হ'ব শ্ৰীলংকাত। 
বাংলাদেশ নাচোৰ-বান্দা, ICCৰ পদক্ষেপ কি?

T20 বিশ্বকাপ খেলাৰ যোগ্যতা অৰ্জন কৰিও আঁতৰিবলগীয়া হোৱাৰ উপক্ৰম ঘটা বাংলাদেশ ক্ৰিকেট দলটোৰে দেশখনৰ ক্ৰীড়া পৰামৰ্শদাতা আছিফ নজৰুলৰ এখন জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয়। ২২ জানুৱাৰীত ঢাকাত অনুষ্ঠিত বৈঠকৰ পিছতে T20 বিশ্বকাপ ২০২৬ক বয়কট কৰাৰ সিদ্ধান্ত লয় দেশখনে। বৈঠকৰ পিছত আছিফ নজৰুলে কয় যে 'ICC-এ আমাৰ লগত অন্যায় কৰিছে, কোনো কাৰণতে আমি শিৰনত নকৰো। আমাৰ খেলুৱৈসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি কোনো কৃপণালি নকৰো'। ইয়াৰ পূৰ্বে ICC-এ BCBক নিজৰ চূড়ান্ত সিদ্ধান্ত জনাবলৈ ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল। কিয়নো বাংলাদেশৰ অনুপস্থিতিত ৰেংকিং অনুসৰি ICCৰ পৰা বিশ্বকাপ খেলাৰ বাবে ভাৰতলৈ আমন্ত্ৰণ লাভ কৰিব পাৰে স্কটলেণ্ডে। যিয়ে বিশ্ব ক্ৰিকেটত বাংলাদেশক দিছিল নিজৰ পৰিচয়...

বাংলাদেশ ক্ৰিকেট বোৰ্ডে পাহৰিলে কিদৰে বিশ্ব ক্ৰিকেটত ভাৰতৰ সহায়ত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল বাংলাদেশ। ১৯৯৮চনত যেতিয়া বাংলাদেশ ICCৰ পূৰ্ণাংগ সদস্য হোৱাই নাছিল তেতিয়াই ICC নক আউট ট্ৰফী বাংলাদেশত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল জগমোহন ডালমিয়াই। ডালমিয়া সেই সময়ত ICCৰ অধ্যক্ষ আৰু BCCIৰ চীফৰ দায়িত্বত আছিল। ৫০ অভাৰৰ টুৰ্নামেণ্টখনৰ মেচসমূহ অনুষ্ঠিত হৈছিল ঢাকাৰ বংগবন্ধু ষ্টেডিয়ামত। 

১৯৭৭ৰ পৰা ICCৰ এছ'চিয়েট সদস্য হিচাপে থকা বাংলাদেশক ICCৰ পূৰ্ণাংগ সদস্য হিচাপে উন্নীত কৰাৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা লৈছিল BCCI-এ। ১৯৯৯ৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰা বাংলাদেশে স্কটলেণ্ড আৰু পাকিস্তানক পৰাস্ত কৰি ক্ৰিকেট বিশ্বক আচৰিত কৰি তুলিছিল। বাংলাদেশক টেষ্ট খেলাৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰতো পোন প্ৰথমবাৰৰ বাবে সমৰ্থন জনাইছিল জগমোহন ডালমিয়াই। 

ভাৰতৰ উপৰিও শ্ৰীলংকা আৰু পাকিস্তানেও বাংলাদেশে টেষ্ট খেলাৰ বাবে যোগ্যতা অৰ্জনৰ সপক্ষত আছিল কিন্তু ইয়াৰ বিপৰীতে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াই বাংলাদেশৰ বিৰুদ্ধে ভোট দিছিল। বাংলাদেশৰ ক্ৰিকেট ইতিহাসৰ প্ৰথমখন টেষ্ট মেচৰ বিপক্ষৰ টীমটোও আছিল সৌৰভ গাংগুলী নেতৃত্বাধীন টীম ইণ্ডিয়া। ইমানখিনিৰ পিছতো দেশখনৰ চৰকাৰ তথা BCBৰ সাম্প্ৰতিক সময়ৰ পদক্ষেপে ক্ষতি কেৱল বাংলাদেশ ক্ৰিকেটকহে কৰিব। ইয়াৰ পৰা ICC, BCCI তথা ক্ৰিকেট বিশ্বৰ একো ক্ষতি নহয়। নিজে জ্বলোৱা জুইত এতিয়া নিজেই দগ্ধ হৈ শেষ হোৱাৰ উপক্ৰম ঘটিছে নেকি বাংলাদেশৰ?-এই প্ৰশ্ন বিশ্ব ক্ৰিকেটৰ অনুৰাগীসকলৰ।