State-Level Panel Discussion on Indo-US Trade Deal Held in Guwahati

Guwahati, February 21: A State-Level Panel Discussion on the Indo-US Trade Deal was organized today by the Indian Commerce Association, Guwahati Branch, in association with Icon Commerce College, at its campus in Guwahati. The programme witnessed the participation of eminent academicians, institutional heads and commerce professionals from across Assam.

The event began with the ceremonial lighting of the lamp followed by felicitation of distinguished guests, including Prof. Bipul Das, Principal of Gauhati Commerce College, Prof. Sujit Sikidar, President of the Association’s Guwahati Branch, and Dr. Mandira Saha, Principal of Icon Commerce College.

Prof. Sujit Sikidar highlighted the objectives of the discussion and emphasized the growing significance of Indo-US trade relations in shaping India’s economic future. The panel discussion was formally inaugurated by Prof. Bipul Das, who underlined the importance of academic dialogue in understan

Centre for Distance and Online Education (CDOE) at Assam down town University (AdtU) Sets New Standard for Integrated Online Higher Education

Guwahati, Assam: Assam down town University’s Centre for Distance and Online Education (CDOE) is redefining what online learning can be. With live faculty-led classes, campus access, and participation in university placement drives, AdtU Online students remain fully connected to the university experience.
At AdtU, the approach is simple: One University, One Standard; ensuring online learners are treated no differently from their on-campus peers.


Prof. Mahendra Kumar Modi, Executive Dean, emphasized the university’s commitment to equal treatment: “Our online learners aren’t in a separate category. They’re AdtU students with the same access to faculty, facilities, and future opportunities. When employers come to campus, our online students are right there alongside everyone else.”


Backed by AdtU’s NAAC A+ accreditation, the university ensures that academic standards remain consistent across both on-campus and online programmes.”In today’s fast-evolving global knowledge economy, lifelong learning and upskilling are no longer optional; they are essential,” said Dr. Mala Dutta, Director, CDOE. “AdtU Online isn’t just about flexibility, it’s about ensuring every learner, regardless of location or circumstance, has access to the same quality education, faculty engagement, and career pathways that define the AdtU experience.”

What AdtU Online Offers?
AdtU Online enhances the digital learning experience through live, faculty-led classes that encourage real-time interaction and academic engagement. Online learners are given access to campus facilities and participate in university placement drives alongside on-campus students. The programmes follow a structured, UGC-aligned learning model supported by mentorship, assessments, and dedicated student support services, ensuring both flexibility and academic rigor.

Programmes & Fee Structure
AdtU Online currently offers BBA, BCA, MCA, and MBA programmes designed for flexible learning. The total course fee for BBA, BCA, and MCA is ₹90,000, with a one-time payment option of ₹36,000, while the MBA programme is priced at ₹1,00,000 with a one-time payment option of ₹39,000. These programmes are tailored for working professionals, students in remote areas, and learners seeking quality higher education without disrupting their existing commitments.
About AdtU Online (CDOE)

The Centre for Distance and Online Education at Assam down town University delivers industry-aligned online degree programmes with live teaching, structured academic support, and integrated campus engagement.

For admissions and inquiries: admission@adtuonline.in | 1800 103 8396 | www.adtuonline.in

বৰ্ষাপাৰা 2.0, পাহৰণিৰ গৰ্ভত হেয়াৰ ড্ৰায়াৰৰ কাহিনী…

দেশৰ ক্ৰীড়াৰ ৰাজধানীত পৰিণত হৈছে অসম। ক্ৰিকেটৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়। বিগত নৱেম্বৰত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট আয়োজন কৰি বিশ্বৰ ক্ৰিকেট বিশেষজ্ঞসকলৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম তথা আয়োজক অসম ক্ৰিকেট সন্থাই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্টখনত অৱশ্যে ভাৰতে ৪০৮ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হৈছিল। ক্ৰিকেটৰ ক্ষুদ্ৰ সংস্কৰণৰ দপদপনি আৰম্ভ হোৱাৰে পৰা ৫ দিনলৈ চলা টেষ্টৰ সংখ্যা কমি অহাৰ সময়তে গুৱাহাটীয়ে আয়োজন কৰা একমাত্ৰ টেষ্টখন সম্পূৰ্ণ ৫ দিনলৈ চলিছিল। প্ৰথম দিনাৰ পৰা মেচখনৰ শেষ বলটোলৈ বৰ্ষাপাৰাৰ পিটছ, আউটফিল্ডে নিৰাশ কৰা নাছিল দুয়োটা দলক। আনহাতে ঠিক ইয়াৰ আগে আগে মহিলা বিশ্বকাপৰ উদ্বোধনী আৰু ছেমি ফাইনেলৰ দৰে গুৰুত্বপূৰ্ণ মেচ আয়োজন কৰাৰো সৌভাগ্য ঘটিছিল বৰ্ষাপাৰা ষ্টেডিয়ামৰ। ইয়াৰ উপৰিও মহিলা বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মেচো অনুষ্ঠিত হৈছিল গুৱাহাটীত। এই সময়ছোৱাতে অসমবাসীয়ে ঈশ্বৰপুত্ৰ, হিয়াৰ আঁমঠু জুবিন গাৰ্গক হেৰুৱাই ম্ৰিয়মান হৈ আছিল। নহ’লে মহিলা বিশ্বকাপৰ সময়তো ক্ৰিকেটৰ উন্মাদনাই অসমত আকাশৰ উচ্চতাক স্পৰ্শ কৰিলেহেঁতেন তাত কোনো সন্দেহ নাই।

এতিয়া T20ৰ বতৰ। T20 বিশ্বকাপলৈ মাজত এমাহৰো কম সময়। সেয়েহে T20 বিশ্বকাপৰ পূৰ্বে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা নিউজীলেণ্ডৰ বিৰুদ্ধে খেলা ৫খন T20 শৃংখলাৰ তৃতীয়খন মেচ আয়োজন কৰাৰ দায়িত্বও লাভ কৰিছে ACAৰ বৰ্ষাপাৰা ষ্টেডিয়ামে। ইতিমধ্যে ২-০ৰ অগ্ৰগতি লাভ কৰা টীম ইণ্ডিয়াৰ শৃংখলাটো নিজৰ নামত কৰাৰ বাবে এয়াই সুৱৰ্ণ সুযোগ। কাৰণ এই শৃংখলাটো দখল কৰিব পাৰিলে প্ৰবল আত্মবিশ্বাসেৰে বিশ্বকাপলৈ আগবাঢ়িব পাৰিব SKYবাহিনীয়ে। কিয়নো টীম ইণ্ডিয়াৰ সমুখত আছে তৃতীয়বাৰলৈ T20 বিশ্বকাপৰ চেম্পিয়ন হোৱাৰ লক্ষ্য। এতিয়ালৈ কোনো এখন দেশেই দুবাৰতকৈ অধিক T20 বিশ্বকাপৰ চেম্পিয়ন হোৱা নাই। আনহাতে আলহী দলটোৰ বাবে গুৱাহাটীৰ মেচখনেই হ’ব মৰণপণ যুঁজৰ সময়। শৃংখলাটোত বৰ্তি থাকিবলৈ কিৱিবাহিনীয়ে বৰ্ষাপাৰাৰ মেচখনত জিকিবই লাগিব। ইতিমধ্যে টীম ইণ্ডিয়াৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে বিশ্বকাপৰ পূৰ্বে ঘূৰাই পাইছে হেৰুওৱা ছন্দ। দীৰ্ঘদিনৰ মূৰত জাতীয় দললৈ উভতি অহা উইকেটকীপাৰ বেটাৰ ঈশান কিষাণেও ঘৰুৱা ক্ৰিকেটৰ দুৰ্দান্ত ফৰ্ম অব্যাহত ৰাখিছে। অৱশ্যে প্ৰথম পছন্দৰ উইকেটকীপাৰ বেটাৰ সঞ্জু ছেমছনৰ ফৰ্মহীনতাই গৌতম গম্ভীৰ তথা টীম ইণ্ডিয়াৰ শিবিৰক চিন্তাত ৰাখিব। সেয়েহে সঞ্জু ছেমছনৰ বাবেও গুৱাহাটীৰ মেচখন হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ। আঘাতৰ সমস্যাৰে যুঁজি নাথাকিলে অসম সন্তান ৰিয়ান পৰাগেও আঘাতৰ বাবে দলৰ পৰা বাহিৰ হোৱা ৱাশ্বিংটন সুন্দৰৰ স্থানত টীম ইণ্ডিয়াৰ শিবিৰত যোগ দিয়াৰ সুযোগ পালেহেঁতেন। আঘাতৰ বাবেই ঘৰৰ মাটিত জাতীয় দলৰ পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকিবলগীয়া হ’ল ৰিয়ান পৰাগ। দেওবাৰে সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেচখনত বিয়লি ৪ বজাৰ পৰা দৰ্শকে ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব। ইতিমধ্যে মেচখনৰ প্ৰায় সকলো টিকট বিক্ৰী হৈছে। ICC আৰু BCCIৰ নিয়ম অনুসৰি নিৰ্মাণ কৰা হৈছে পিটছ। প্ৰতিখন মেচৰ দৰে এইবাৰো সুৰক্ষা, কটকটীয়া নিৰাপত্তাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

বৰ্ষাপাৰাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ব্যক্তিগত সৰ্বাধিক স্ক’ৰ হৈছে ৰোহিত শৰ্মাৰ। ২০১৮ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত ৰোহিত শৰ্মাই খেলিছিল অপৰাজিত ১৫২ ৰানৰ ইনিংছ। ইয়াৰ উপৰিও বিৰাট কোহলিৰ দুটাকৈ, ৱেষ্ট ইণ্ডিজৰ ছিমৰন হেটমায়াৰ আৰু শ্ৰীলংকাৰ দাছুন ছানাকাৰ নামতো আছে এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ এটাকৈ শতকীয় ইনিংছ। আনহাতে বৰ্ষাপাৰাত সম্প্ৰতি টীম ইণ্ডিয়াৰ শিবিৰৰ পৰা বাহিৰত থকা ঋতুৰাজ গাইকোৱাড আৰু অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলৰ নামত আছে T20Iৰ এটাকৈ শতকীয় ইনিংছ। ২০২৩ৰ ২৮ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াই খেলা মেচখনতে আহিছিল এই দুয়োটা শতক। ৰোমাঞ্চকৰ মেচখনত অষ্ট্ৰেলিয়াই ৫ উইকেটত পৰাস্ত কৰিছিল ঘৰুৱা দল ভাৰতক। আনহাতে দক্ষিণ আফ্ৰিকাৰ ডেভিড মিলাৰৰ নামতো বৰ্ষাপাৰাত আছে T20Iৰ আন এটা শতকীয় ইনিংছ। বৰ্ষাপাৰা ষ্টেডিয়ামত T20Iৰ সৰ্বাধিক স্ক’ৰ হৈছে ২৩৭ ৰান। ২০২২ৰ ২ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টীম ইণ্ডিয়াই সংগ্ৰহ কৰিছিল এই ৰানৰ পাহাৰ। বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰথমখন T20I অনুষ্ঠিত হৈছিল টীম ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত। মেচখনত অনায়সে আলহী দল অষ্ট্ৰেলিয়াই পৰাস্ত কৰিছিল ভাৰতক। এই পৰ্যন্ত বৰ্ষাপাৰাই আয়োজন কৰিছে এখন আন্তঃৰাষ্ট্ৰীয় টেষ্টকে ধৰি ৮খন ODI আৰু ৬খন T20I মেচ। ইয়াৰ উপৰিও IPLৰ দল ৰাজস্থান ৰয়েলছেও ঘৰুৱা গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰি আহিছে বৰ্ষাপাৰা ষ্টেডিয়ামক। প্ৰতিবছৰে অতি কমেও এখনকৈ হ’লেও আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনৰ দায়িত্ব লাভ কৰা বৰ্ষাপাৰা ষ্টেডিয়ামক কলুষিত কৰা অষ্ট্ৰেলিয়ান দলৰ বাছলৈ শিল দলিওৱা, বৰ্ষাবিঘ্নিত পিটছক হেয়াৰ ড্ৰায়াৰেৰে শুকুওৱাৰ চেষ্টা কৰা ঘটনাবোৰ এতিয়া পাহৰণিৰ গৰ্ভত। এনেবোৰ ঘটনাৰ পিছত ACA আৰু অসম চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত সুন্দৰকৈ কেইবাখনো বিশ্বমানৰ খেল ক্ৰিকেট অনুৰাগীক উপহাৰ দিছে বৰ্ষাপাৰা ষ্টেডিয়ামে। BCCIৰ সচিব দেৱজিৎ লন শইকীয়াকে ধৰি সুস্থ মানসিকতাৰে ষ্টেডিয়ামলৈ প্ৰৱেশ কৰা দৰ্শকসকলো ইয়াৰ বাবে নিশ্চয়কৈ শলাগৰ পাত্ৰ।

নিজে জ্বলোৱা জুইত দগ্ধ হৈ শেষ হ’ব নেকি বাংলাদেশ ?
ৰাজনৈতিক তথা ধৰ্মীয় সংঘাতৰ পৰিণতিত T20 বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম ঘটিছে বাংলাদেশৰ। বিশ্বকাপেই হৈছে যিকোনো দলীয় খেলৰ সৰ্বোচ্চ স্তৰ। তেনেক্ষেত্ৰত বিশ্বকাপত অংশগ্ৰহণ কৰিব নোৱাৰাটো দেশখনৰ ক্ৰিকেট অনুৰাগী তথা জাতীয় দলটোৰ ক্ৰিকেটাৰসকলৰ বাবে দুৰ্ভাগ্যজনক কথা। 
IPLৰ পৰা মুস্তাফিজুৰ ৰহমানক বহিষ্কাৰৰ পিছৰে পৰা বাংলাদেশে ভাৰতত অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপত অংশগ্ৰহণৰ ক্ষেত্ৰত আহি পৰিছিল জটিলতা। IPLৰ নিলামত কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী পেচাৰ মুস্তাফিজুৰ ৰহমানক ক্ৰয় কৰিছিল। কিন্তু বাংলাদেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় অনুভূতিত আঘাত সনা কিছু ঘটনাৰ পিছতে ভাৰত চৰকাৰে IPLৰ পৰা বাংলাদেশৰ ক্ৰিকেটাৰক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল IPL গোৱৰ্নিং কমিটীক। 


মুস্তাফিজুৰক IPLৰ পৰা একপ্ৰকাৰ বহিষ্কাৰ কৰাৰ পিছতে জাঙুৰ খাই উঠে বাংলাদেশ ক্ৰিকেট বোৰ্ড। ইয়াৰ পিছতেই BCB-এ ঘোষণা কৰে যে আগন্তুক T20 বিশ্বকাপ ভাৰতত নেখেলে বাংলাদেশে। জীৱিকাৰ সন্ধানত অজস্ৰ যুৱক-যুৱতীয়ে বৈধ আৰু অবৈধভাৱে ভাৰতলৈ প্ৰব্ৰজন কৰা দেশখনৰ ক্ৰিকেট দলটোৱে নিৰাপত্তাজনিত কাৰণতহে ভাৰতত খেলাৰ বাবে অনিচ্ছা প্ৰকাশ কৰিছে। T20 বিশ্বকাপৰ পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি বাংলাদেশৰ গ্ৰুপ পৰ্যায়ৰ ৪খন মেচৰ ৩খন কলকাতাৰ ইডেন গাৰ্ডেনত আৰু এখন মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল। BCB-এ ICCক বাংলাদেশৰ মেচসমূহ ভাৰতৰ পৰিৱৰ্তে শ্ৰীলংকালৈ স্থানন্তৰ কৰাৰ আহ্বান জনাইছিল যদিও সময়সূচী ইতিমধ্যে চূড়ান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত BCBৰ এই আহ্বানক নাকচ কৰে ICC-এ। এই সন্দৰ্ভত আয়াৰলেণ্ড ক্ৰিকেট বোৰ্ডৰ সৈতেও যোগাযোগ কৰিছিল BCB-এ। কিন্তু আয়াৰলেণ্ডৰ পৰাও সুদোত্তৰ নাপালে BCB-এ। উল্লেখ্য যে আয়াৰলেণ্ডৰ গ্ৰুপ পৰ্যায়ৰ মেচসমূহ অনুষ্ঠিত হ'ব শ্ৰীলংকাত। 
বাংলাদেশ নাচোৰ-বান্দা, ICCৰ পদক্ষেপ কি?

T20 বিশ্বকাপ খেলাৰ যোগ্যতা অৰ্জন কৰিও আঁতৰিবলগীয়া হোৱাৰ উপক্ৰম ঘটা বাংলাদেশ ক্ৰিকেট দলটোৰে দেশখনৰ ক্ৰীড়া পৰামৰ্শদাতা আছিফ নজৰুলৰ এখন জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয়। ২২ জানুৱাৰীত ঢাকাত অনুষ্ঠিত বৈঠকৰ পিছতে T20 বিশ্বকাপ ২০২৬ক বয়কট কৰাৰ সিদ্ধান্ত লয় দেশখনে। বৈঠকৰ পিছত আছিফ নজৰুলে কয় যে 'ICC-এ আমাৰ লগত অন্যায় কৰিছে, কোনো কাৰণতে আমি শিৰনত নকৰো। আমাৰ খেলুৱৈসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি কোনো কৃপণালি নকৰো'। ইয়াৰ পূৰ্বে ICC-এ BCBক নিজৰ চূড়ান্ত সিদ্ধান্ত জনাবলৈ ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল। কিয়নো বাংলাদেশৰ অনুপস্থিতিত ৰেংকিং অনুসৰি ICCৰ পৰা বিশ্বকাপ খেলাৰ বাবে ভাৰতলৈ আমন্ত্ৰণ লাভ কৰিব পাৰে স্কটলেণ্ডে। যিয়ে বিশ্ব ক্ৰিকেটত বাংলাদেশক দিছিল নিজৰ পৰিচয়...

বাংলাদেশ ক্ৰিকেট বোৰ্ডে পাহৰিলে কিদৰে বিশ্ব ক্ৰিকেটত ভাৰতৰ সহায়ত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল বাংলাদেশ। ১৯৯৮চনত যেতিয়া বাংলাদেশ ICCৰ পূৰ্ণাংগ সদস্য হোৱাই নাছিল তেতিয়াই ICC নক আউট ট্ৰফী বাংলাদেশত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল জগমোহন ডালমিয়াই। ডালমিয়া সেই সময়ত ICCৰ অধ্যক্ষ আৰু BCCIৰ চীফৰ দায়িত্বত আছিল। ৫০ অভাৰৰ টুৰ্নামেণ্টখনৰ মেচসমূহ অনুষ্ঠিত হৈছিল ঢাকাৰ বংগবন্ধু ষ্টেডিয়ামত। 

১৯৭৭ৰ পৰা ICCৰ এছ'চিয়েট সদস্য হিচাপে থকা বাংলাদেশক ICCৰ পূৰ্ণাংগ সদস্য হিচাপে উন্নীত কৰাৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা লৈছিল BCCI-এ। ১৯৯৯ৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰা বাংলাদেশে স্কটলেণ্ড আৰু পাকিস্তানক পৰাস্ত কৰি ক্ৰিকেট বিশ্বক আচৰিত কৰি তুলিছিল। বাংলাদেশক টেষ্ট খেলাৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰতো পোন প্ৰথমবাৰৰ বাবে সমৰ্থন জনাইছিল জগমোহন ডালমিয়াই। 

ভাৰতৰ উপৰিও শ্ৰীলংকা আৰু পাকিস্তানেও বাংলাদেশে টেষ্ট খেলাৰ বাবে যোগ্যতা অৰ্জনৰ সপক্ষত আছিল কিন্তু ইয়াৰ বিপৰীতে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াই বাংলাদেশৰ বিৰুদ্ধে ভোট দিছিল। বাংলাদেশৰ ক্ৰিকেট ইতিহাসৰ প্ৰথমখন টেষ্ট মেচৰ বিপক্ষৰ টীমটোও আছিল সৌৰভ গাংগুলী নেতৃত্বাধীন টীম ইণ্ডিয়া। ইমানখিনিৰ পিছতো দেশখনৰ চৰকাৰ তথা BCBৰ সাম্প্ৰতিক সময়ৰ পদক্ষেপে ক্ষতি কেৱল বাংলাদেশ ক্ৰিকেটকহে কৰিব। ইয়াৰ পৰা ICC, BCCI তথা ক্ৰিকেট বিশ্বৰ একো ক্ষতি নহয়। নিজে জ্বলোৱা জুইত এতিয়া নিজেই দগ্ধ হৈ শেষ হোৱাৰ উপক্ৰম ঘটিছে নেকি বাংলাদেশৰ?-এই প্ৰশ্ন বিশ্ব ক্ৰিকেটৰ অনুৰাগীসকলৰ।